Contest AS

#AssamBachao ভিডিঅ’ প্ৰতিযোগিতা

অংশগ্ৰহণ কৰক আৰু জয় কৰক i-Phone 12, OnePlus আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰতিদিনে!

10024+

Entries Received

ভিডিঅ’ প্ৰতিযোগিতাৰ বিশদ বিৱৰণ

#AssamBachao হ’ল অসমৰ ৰাইজৰ বাবে এটা ভিডিঅ’ প্ৰতিযোগিতা। ইয়াৰ লক্ষ্য হ’ল অসমৰ কণ্ঠসমূহক এনে এখন মঞ্চ প্ৰদান কৰা য’ত তেওঁলোকে ৰাজ্যখনে সম্প্ৰতি সমুখীন হোৱা সমস্যাৰাজিৰ কথা ব্যক্ত কৰিব পাৰিব। অসমৰ উদ্বেগসমূহৰ কথা এটা সৃষ্টিশীল, অৰ্থবহ উপায়েৰে শক্তিশালী ৰূপত উপস্থাপন কৰিব পৰাকৈ আৰু লগতে সেই প্ৰচেষ্টাৰ বাবে পুৰস্কাৰো জয় কৰিব পৰাকৈ, এইটো হ’ল অসমৰ সকলো আবাসীৰ বাবে লোৱা এটা উদ্যম।

#AssamBachao শ্ৰেষ্ঠ অংশগ্ৰহণকাৰী প্ৰদৰ্শন

কেনেকৈ অংশগ্ৰহণ কৰিব

সদায় জিকক

Prizes

পুৰস্কাৰসমূহ বিজয়ীসকলৰ বাবে প্ৰতিদিনে 1 টা iPhone 12, 3 টা OnePlus ফোন আৰু 100 টা নগদ ধনৰ পুৰস্কাৰৰ ব্যৱস্থা থাকিব। গতিকে কঁকালত টঙালি বান্ধক আৰু এতিয়াই অংশগ্ৰহণ কৰক!

নিয়ম আৰু চৰ্তাৱলী

* এই সন্দৰ্ভত সবিশেষ জানিবলৈ আৰু অন্য কোনো প্ৰশ্নৰ বাবে FAQ অংশটোলৈ যাওঁক FAQs

অংশগ্ৰহণ কৰিবলৈ আপোনাৰ ভিডিঅ’ লিংকটো তলত ছাবমিট কৰক

আপোনাৰ সমস্যাবোৰৰ কথা জনাওক

ঘনাই সোধা প্ৰশ্নবোৰ (FAQs)

1#AssamBachao ভিডিঅ’ অভিযান কি?
এই অভিযান হ’ল আমাৰ ৰাজ্যখনে আজি সমুখীন হোৱা এশ এবুৰি সমস্যাৰ বিষয়ে শিৰ ওখ কৰি ক’বলৈ আৰু আমাৰ অন্তৰক খুন্দিয়াই থকা এই বিষয়ক কথাবোৰৰ বহিৰ্প্ৰকাশ ঘটাবলৈ, সমূহ অসমীয়া ৰাইজৰ প্ৰতি কৰা এটা আহ্বান। আমি ৰাইজক অনুৰোধ কৰিছোঁ, সৰ্বাধিক 2 মিনিটৰ এটা ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মীডিয়াত সেইটো প’ষ্ট কৰিবলৈ, যাতে কিহে আজি অসমক জুৰুলা কৰিছে সেই বিষয়ে ব্যাপক গণসচেতনতা গঢ়ি তোলাত সহায় কৰিব পৰা যায়।
2#AssamBacaho এটা ভিডিঅ’ প্ৰতিযোগিতা নে অভিযান?
ই হ’ল এই দুয়োটাই। #AssamBachao এই হেশ্বটেগ ব্যৱহাৰ কৰি সৰ্বাধিক 120 চেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মীডিয়াত প’ষ্ট কৰি যিকোনো ব্যক্তিয়েই এই অভিযানত ভাগ ল’ব পাৰে। এই ভিডিঅ’টো প্ৰতিযোগিতাৰ বাবে দাখিল (ছাবমিট) কৰিবলৈ, অৱশ্যে, তেওঁলোকে assambachao.in ত এখন প্ৰপত্ৰ পূৰাবই লাগিব। প্ৰতিযোগিতা চলি থকাৰ কালছোৱাত প্ৰতিদিনেই পুৰস্কাৰসমূহ ঘোষণা কৰা হ’ব।
3কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা অনুশীলনৰ সৈতে #AssamBachao কেনেদৰে সম্পৰ্কিত?
এটা সমস্যা সমাধান কৰিবলৈ যাওঁতে দিবলগীয়া প্ৰথমটো পদক্ষেপ হৈছে সমস্যাটোৰ কথা স্বীকাৰ কৰা আৰু সেইটো ভালকৈ বুজি লোৱা। সেই প্ৰথমটো পদক্ষেপৰ বাবেই এই অভিযানটো চলোৱা হৈছে। এই অভিযানৰ জৰিয়তে সংগৃহীত ৰাইজৰ মতামতে আমাক জনাব আমাৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া আটাইতকৈ জৰুৰী সমস্যা কোনবোৰ। আৰু ঠিক এইবোৰ সমস্যাৰেই সমাধান আগবঢ়োৱা হ’ব কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত।
4মই কিয় #AssamBachao অভিযানত অংশগ্ৰহণ কৰা উচিত?
প্ৰতিগৰাকী অসমীয়াই এই অভিযানত অংশগ্ৰহণ কৰা উচিত কাৰণ বিজেপিয়ে নিবিচাৰে আমি ৰাইজে এই সমস্যাবোৰ আৰু বিষয়বোৰ আলোচনা কৰোঁ। অসমৰ প্ৰশাসন ব্যৱস্থাত বিশৃংখলতা সৃষ্টি কৰি, পুৰণি জুইবোৰ আকৌ জ্বলাই দি আৰু নতুনকৈ কিছুমান জুই জ্বলাই দি, বিজেপিয়ে আজি সকলো-ঠিকেই-আছে বুলি কৈ ফুৰাৰ এটা নীতি গ্ৰহণ কৰিছে। অস্বীকাৰৰ এই অশুভ প্ৰৱণতাৰপৰা ৰাজ্যখনক উলিয়াই আনিবলৈ, আহক প্ৰথমতেই আমি স্বীকাৰ কৰোঁ আমি সমুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা। সেইকাৰণেই আপুনি এই অভিযানত অংশগ্ৰহণ কৰা উচিত।
5কোনে #AssamBachao অভিযানত অংশগ্ৰহণ কৰিব পাৰে?
নিসন্দেহে অসমৰ যিকোনো এগৰাকী নাগৰিকে, লাগিলে তেওঁ পৃথিৱীৰ য’তেই নাথাকক কিয়!
6শ্ৰেষ্ঠ #AssamBachao ভিডিঅ’বোৰৰ বাবে কি কি পুৰস্কাৰ থাকিব?
iPhone ৰপৰা আৰম্ভ কৰি সৰু নগদ ধনৰাশিলৈকে কেইটামান পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। 19 ফেব্ৰুৱাৰীত অন্ত পৰিবলগীয়া এই অভিযানৰ গোটেই কালছোৱাত প্ৰতিদিনে এই পুৰস্কাৰসমূহ ঘোষণা কৰা হ’ব।
7কিহৰ ভিত্তিত #AssamBacaho পুৰস্কাৰ-বিজেতা ভিডিঅ’বোৰ বাছনি কৰা হ’ব?
আমাৰ নিৰ্বাচনী ইস্তাহাৰ কমিটীয়ে আৰু আমাৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাসকলে প্ৰতিটো ভিডিঅ’ই চাব। পুৰস্কাৰ-বিজেতা ভিডিঅ’বোৰ সেইবোৰ হ’ব, যিবোৰ এইকেইটা মান বা স্থিৰাংকৰ কোনোবা এটাৰ প্ৰশ্নত জাকতজিলিকা হৈ উঠিবঃ সৃষ্টিশীলতা, অভিব্যক্তি, অনন্য সমস্যা, ভাইৰেল হৈ উঠা ইত্যাদি।
8#AssamBacaho ৰ অংশ হিচাপে এটা ভিডিঅ’ তৈয়াৰ কৰাৰ অন্তিম তাৰিখ কি?
যেতিয়ালৈকে বিচাৰে তেতিয়ালৈকে আপুনি ভিডিঅ’ তৈয়াৰ কৰি উঠি #AssamBacaho হেশ্বটেগ ব্যৱহাৰ কৰি প’ষ্ট কৰিব পাৰে, কিন্তু কেৱল প্ৰতিযোগিতাৰ বাবে 28 ফেব্ৰুৱাৰীৰ মাজনিশালৈকে পূৰোৱা প্ৰপত্ৰহে গ্ৰহণ কৰা হ’ব।
9মোৰ #AssamBacaho ভিডিঅ’ লিংক assambachao.in ত ছাবমিট কৰাটো বাধ্যতামূলক নেকি?
তেতিয়াহে যদি আপুনি এটা পুৰস্কাৰ জয় কৰিব খোজে!
10মোৰ বয়স 16 বছৰ আৰু মোৰ ভোটদান কৰাৰ যোগ্যতা নাই। মই #AssamBacaho ভিডিঅ’ প্ৰতিযোগিতাত ভাগ ল’ব পাৰোনে?
সন্দেহৰ কোনো কাৰণেই নাই। এই প্ৰতিযোগিতাৰ দুৱাৰ সকলোৰে বাবে মুকলি। আপুনি হ’ল অসমৰ ভৱিষ্যত। আজিয়েই লওক সেই দায়িত্ব!
11মই অসমত বাস নকৰো আৰু ভোটদান কৰিবলৈয়ো তাত নাথাকিম। মই #AssamBacaho ভিডিঅ’ প্ৰতিযোগিতাত ভাগ ল’ব পাৰোনে?
নিশ্চয়।
12অংশগ্ৰহণ কৰিবলৈ কিমানটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মই মোৰ ভিডিঅ’টো প’ষ্ট কৰিব লাগিব?
অন্ততঃ এটাত – কিন্তু যিমানে বেছি হয় সিমানে ভাল। ব্যৱহাৰ কৰক টুইটাৰ ( Twitter), ফেচবুক (Facebook), ইনষ্টাগ্ৰাম (Instagram) বা ইউটিউব (YouTube )।
13মই একাধিক ভিডিঅ’ তৈয়াৰ কৰিব পাৰোনে?
আপুনি যিমান বিচাৰে সিমানটা ভিডিঅ’ তৈয়াৰ কৰক আৰু সেইবোৰ প’ষ্ট কৰক। সেই আটাইবোৰ ভিডিঅ’ প্ৰতিযোগিতাৰ প্ৰৱিষ্টি হিচাপেও প্ৰেৰণ কৰক।
14#AssamBacaho প্ৰতিযোগিতাৰ বাবে ভিডিঅ’টো ছেল্ফি ভিডিঅ’ হ’বই লাগিব নেকি?
মুঠেই নহয়। আপোনাৰ এগৰাকী বন্ধুৰ সৈতে আপোনাৰ কথোপকথন হ’ব পাৰে বা আপুনি আপোনাৰ এগৰাকী প্ৰতিৱেশীৰ সাক্ষাৎকাৰ ল’ব পাৰে বা আপোনাৰ সহকৰ্মীসকলৰ সৈতে আপুনি এটা গোট আলোচনাত মিলিত হ’ব পাৰে। যিটো ৰূপেই আপুনি ভাল পায়।
15মই কংগ্ৰেছ দলৰ এগৰাকী সদস্য। #AssamBacaho ত অংশগ্ৰহণ কৰিবলৈ মই যোগ্যনে?
হয়, কিয় নোৱাৰিব?
16#AssamBacaho ৰ বাবে মই সংগীত ইত্যাদিৰে সজাই এটা পেছাদাৰী স্পৰ্শ থকা সম্পাদিত ভিডিঅ’ তৈয়াৰ কৰিব পাৰোনে?
আপুনি যদি ইচ্ছা কৰে!
17#AssamBacaho ভিডিঅ’ দুই মিনিট দীঘল হ’বই লাগিব নেকি?
নহয়, এই সময়ৰ সৰ্বাধিক সীমাহে হৈছে 2 মিনিট বা 120 চেকেণ্ড।
18কিবা কথা কোৱাৰ সলনি মই নিজে লিখা বা আন কোনোবাই লিখা এটা কবিতা আবৃত্তি কৰিব পাৰোনে?
আপোনাৰ সৃষ্টিশীলতা আৰু কল্পনাশক্তিৰ অবাধ প্ৰকাশ হ’বলৈ দিয়ক। এটা অগতানুগতিক চিন্তা কৰক। আমাৰ জীৱনৰ সৈতে সৰ্বাধিক সম্পৰ্ক থকা সমস্যাসমূহৰ বিষয়ে আজি ব্যাপক গণসচেতনতা গঢ়ি তোলাৰ প্ৰয়োজন হৈছে। সেই পথত সহায় কৰিব সৃষ্টিশীলতাই।
অধিক আপডেটৰ বাবে আমাৰ ছ’চিয়েল মিডিয়া পেজবোৰ ভিজিট/ফ’ল’ কৰক
© 2021 Assam Bachao. All Rights Reserved.